পান ৰোপনৰ পদ্ধতি আৰু বিভিন্ন ধৰণৰ বেমাৰ কেনেকৈ নিৰাময় কৰিব পাৰি।
 L Agriculture blog L Agriculture blog
409 subscribers
1,433 views
23

 Published On Aug 7, 2024

পান ৰোপনৰ পদ্ধতি আৰু বিভিন্ন ধৰণৰ বেমাৰ কেনেকৈ নিৰাময় কৰিব পাৰি।

অসমত তিনি প্ৰকাৰে পান খেতি কৰা হয়

১) তামোল গছ বা অন্য গছৰ গুৰিত

২) বোৰোজ পদ্ধতি

৩) খুটি পদ্ধতি৷

ইয়াৰে প্ৰথম পদ্ধতিতে সাধাৰণতে প্ৰায় বিলাক ঘৰতে কৰা হয়৷ আন দুটা পদ্ধতি ব্যৱসায় ভিত্তিত কৰা হয়৷

সঁচ
অসমীয়া পান, খাছী পান, গাৰো পান, চাঁচী পান, বাংলা পান (কালী বাংলা, মুৱা বাংলা, ইৰানিগিটি, গুদি বাংলা) মিঠা পান আৰু কাৰ্বি পান৷

মাটি
সাৰুৱা আলতীয়াৰ পৰা বালিচঁহীয়া মাটি ও পানী জমা নোহোৱা মাটি পান খেতিৰ বাবে উপযোগী৷ নতুনকৈ পান বাৰী প্ৰস্তুত কৰিবলৈ অন্য ঠাইৰ পৰা মাটিৰ ওপৰ ভাগ কাটি আনি কৰিব পাৰিলে ভাল৷ পুলি ৰোৱাৰ এমাহৰ আগতে মাটিত চূণ মিহলাই মাটিৰ অম্লতা কমাই ল’লে ভাল হয় অৰ্থাৎ পি, এইচ ৬.৫ মানত ৰাখিব লাগে৷

show more

Share/Embed