স্মাৰ্ট মিটাৰৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধিৰ অভিযোগ নস্যাৎ APDCLৰ
NKTV PLUS NKTV PLUS
621K subscribers
40,975 views
387

 Published On Sep 10, 2024

স্মাৰ্ট মিটাৰৰ কেৰামতালিয়ে জ্বলাকলা খুৱাইছে ৰাইজক
ৰাজ্যৰ চৌপ্ৰান্তত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই
বিভিন্ন দল-সংগঠনে আয়োজিত কৰিছে প্ৰতিবাদী কাৰ্যসূচী
স্মাৰ্ট মিটাৰৰ বাবেই বিদ্যুৎ মাচুল ব্যাপক হাৰত বৃদ্ধিৰ অভিযোগ
স্মাৰ্ট মিটাৰৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধিৰ অভিযোগ নস্যাৎ APDCLৰ
এইবাৰ বিদ্যুতৰ বিল দেখি মূৰে-কপালে হাত দিছে মন্ত্ৰীয়ে
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত স্মাৰ্ট মিটাৰ লাগিল ১৮টা মন্ত্ৰীৰ আৱাসত
IAS কলনিৰ ৩৬টা আৱাসতো সংযুক্ত হ’ল স্মাৰ্ট মিটাৰ
প্ৰথম মাহৰ বিদ্যুতৰ বিল দেখি ত্ৰাহিমধুসূদন মন্ত্ৰী-বিধায়কৰ
মন্ত্ৰী আৱাসৰ বিল আহিছে ৫০হাজাৰৰ পৰা ৭০ হাজাৰ টকালৈ
১৮টা মন্ত্ৰী আৱাসত এমাহত বিল হ’ল ১০ লাখ টকা
IAS কলনিৰ একোটা আৱাসলৈ বিল আহিল ২০-৩০ হাজাৰকৈ
পূৰ্বতে মন্ত্ৰী-IAS বিষয়াৰ বিল আছিল বিনামূলীয়া
স্মাৰ্ট মিটাৰৰ ফলত বিল অধিক অহা প্ৰমাণিত হ’ল মন্ত্ৰীৰ বাসগৃহত
স্মাৰ্ট মিটাৰৰ বিল ক্ষোভিত বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য
এইবাৰ উত্থাপন হ’ল বিধায়ক আৱাসত স্মাৰ্ট মিটাৰ লগোৱাৰ দাবী
বিধানসভাৰ অধ্যক্ষৰ বাসভৱনতো স্মাৰ্ট মিটাৰ লগোৱাৰ দাবী
এই দাবীত সৰৱ ব্যতিক্ৰমী বিজেপি বিধায়ক মৃণাল শইকীয়া
একোটা বিধায়ক আৱাসৰ মাচুল আহে মাহে ২০-৩০ হাজাৰকৈ
একোজন বিধায়কৰ ঘৰত আছে ৫-৬টাকৈ AC
অধ্যক্ষৰ আৱাসত আছে প্ৰায় ১৬-১৭টাকৈ AC
বিধায়ক আৱাসৰ বৃহৎ পৰিমাণৰ বিদ্যুৎ মাচুল দি আহিছিল বিধানসভা সচিবালয়ে
বিধায়কসকলকো স্মাৰ্ট মিটাৰৰ আওঁতাত আনিবলৈ দাবী
দল-সংগঠন, ৰাইজৰ প্ৰতিবাদৰ মাজতে APDCLৰ পদক্ষেপ
APDCLএ মুকলি কৰিলে বিশেষ ট’ল ফ্ৰী নম্বৰ
নম্বৰকেইটা হ’ল - 1912/ 7575999666/ 8876100100
স্মাৰ্ট মিটাৰ, বিদ্যুৎ বিল সম্পৰ্কীয় অভিযোগ দিব পাৰিব এই নম্বৰত
স্মাৰ্ট মিটাৰক লৈ ৰাইজৰ অভিযোগ মিছা নেকি?
কিয় বিধায়কসকলে লাভ কৰে বিনামূলীয়া বিদ্যুৎ?
মন্ত্ৰীৰ বিদ্যুৎ বিলৰ পৰিমাণ বৃদ্ধি হোৱাৰ পাছত কি হ’ব চৰকাৰৰ সিদ্ধান্ত?
গুজৰাটত বন্ধ কৰা স্মাৰ্ট মিটাৰ অসমত কিয়? প্ৰশ্ন অসমৰ ৰাইজৰ
স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে ৰাজ্যই ৰাজ্যই হৈছে প্ৰতিবাদ
অসমত স্মাৰ্ট মিটাৰ প্ৰযোজ্য কৰা সিদ্ধান্ত পুনৰীক্ষণ হ’বনে?
অংশগ্ৰহণ কৰিব ঋতুবৰণ শৰ্মা, জ্যেষ্ঠ মুখপাত্ৰ, বিজেপি– LIVE
ৰাতুল কলিতা, মুখপাত্ৰ, কংগ্ৰেছ– LIVE
জিয়াউৰ ৰহমান, AJP, সম্পাদক– LIVE
ৰাজনৈতিক বিশ্লেষক দেৱজিৎ গোস্বামী– LIVE
শিৱসাগৰৰ পৰা বিদ্যুৎ শইকীয়া, সাধাৰণ সম্পাদক, KMSS– LIVE
স্মাৰ্ট মিটাৰক লৈ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ক্ষোভ
গোলাঘাটৰ সাংবাদিক দেৱাশিস সাহাৰ সৈতে বিধায়ক মৃণাল শইকীয়া– LIVE
স্মাৰ্ট মিটাৰ কেৰামতালি সন্দৰ্ভত আজিৰ ‘60 মিনিট্ছ’
মছফিকাৰ সৈতে ‘60 মিনিট্ছ’

show more

Share/Embed