Chaolung Sukapha চাওলুং চুকাফা(Part-1)
Che-Rai-Doi চে-ৰায়-ডয় Che-Rai-Doi চে-ৰায়-ডয়
2.35K subscribers
46,849 views
1.5K

 Published On Dec 1, 2020

বৃহত্তৰ অসমীয়া জাতি আৰু অসম গঢ়াৰ ক্ষেত্ৰত স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ আছে অনবদ্য অৱদান। ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠ অৰ্থাৎ অসমৰ পবিত্ৰ ভূমিত ভৰি ৰাখিয়েই স্বৰ্গদেউ চাওলুং চ্যুকাফাই পূৰ্বৰে পৰা অসমত বসবাস কৰা বিভিন্ন জাতি-জনজাতিক একত্ৰিত কৰি এখন বৰ অসম আৰু অসমীয়া জাতি গঢ়াৰ প্ৰয়াস কৰিছিল। আহকচোন "স্বৰ্গদেউ চাওলুং ছ্যুকাফা" শীৰ্ষক আমাৰ এই তথ্যচিত্ৰ খনৰ তেওঁৰ বিষয়ে কিছু কথা জানো।
বুৰঞ্জীয়ে আমাক কৈছে, দক্ষিণ চীন দেশ আৰু উত্তৰ-পশ্চিম উজনি ব্ৰক্ষ্মাৰ মাওলুং ৰাজ্যৰ পৰা স্বগদেউ চাওলুং চ্যুকাফা অসমলৈ আহিছিল। সেই সময়ত ৰজা চ্যুখ্ৰানফা ৰ লগত তেওঁৰ সংঘাত হয়। কিয়নো চ্যুকাফা আছিল সৰুৰে পৰা বৰ আত্মস্বাভিমানী কোঁৱৰ। যিহেতু তেওঁ চ্যুখ্ৰানফাতকৈ ডাঙৰ আছিল; সেয়ে ভায়েকৰ তলত যুৱৰাজ হৈ থাকিবলৈ পাই মনতে বৰ দুখ পাইছিল। সেয়ে চ্যুখ্ৰানফাক মাওলুং ৰাজ্য গতাই দি এক প্ৰব্ৰজনৰ সোঁত লৈ ১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকা পাইছিলহি। মহামতি চাওলুং চ্যুকাফা কূটনীতিত ইমানেই দক্ষ আছিল যে, সেই সময়ত বসবাস কৰা স্থানীয় লোকক কৈছিল "আমি হলো আলহী আৰু আপোনালোক গৃহস্থ" তেনেকৈ কোৱাত স্থানীয় লোক সকলেও ভাল পাইছিল আৰু সকলো তেওঁলোকৰ লগত মিলি গৈছিল।পাছলৈ তেওঁ নিজে ৰাজ্য পাতি নামৰূপত ৬ বছৰ, টিপামত ১০ বছৰ, অভয়পুৰ ৬ বছৰ, হাবুঙত ৩ বছৰ, চঙতক ২বছৰ, তাৰ পাছত টিমান আৰু টিমাক আৰু পাছলৈ স্বৰ্গদেউ চাওলুং চ্যুকাফাই ১২৫৩ চনত চৰাইদেউত স্থায়ীভাৱে ৰাজধানী পাতে।
বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চ্যুকাফাই মাওলুংৰ পৰা যি অনিশ্চয়তাৰ যাত্ৰা আৰম্ভ কৰিছিল, বহু সময়ত তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেই সময়খিনি তেওঁৰ বৰ কঠিন আছিল। পাটকাই পাহাৰ হৈ আহোঁতে নগা জনজাতিৰ প্ৰত্যাহ্বান ওফৰাই আহিবলগা হৈছিল। পাছলৈ অসমৰ ভূমিত বাস কৰা মৰাণ, মটক, বৰাহী, কছাৰী, চুতীয়া জনজাতিৰ যি সৰু সৰু ৰাজ্য আছিল। সেই জনজাতি সকলৰ মাজত নিজকে আলহী বুলি পৰিচয় দি মহামতি চাওলুং চ্যুকাফাই জনজাতি লোকসকলৰ সৈতে মিলি গৈছিল। যিহেতু তেওঁ কূটনীতি আৰু তৰোৱাল অস্ত্ৰত বৰ পাকৈত আছিল। সেয়ে লাহে লাহে তেওঁ ৰাজ্য প্ৰতিষ্ঠা কৰিলে। "সাত ৰাজ সামৰি এক ৰাজ" কৰা তেওঁৰ যি নীতি সেই নীতিৰে ৰাজ্য বিস্তাৰ কৰি বিভিন্ন জাতি
জনজাতি একত্ৰিত কৰি এক বৃহৎ বৰ অসম আৰু অসমীয়া জাতি গঢ়িলে। আৰু তেওঁ প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যখনো সগৌৰৱে ৬০০ বছৰ বৰ্তি থাকে।

show more

Share/Embed