অসমীয়া কবিতা বিদায় / Assamese Poem Biday
JD Entertainments JD Entertainments
611 subscribers
772 views
22

 Published On Dec 11, 2022

#romanticpoem
#farewellpoem
#womenpoemassamese

Assamese poem BIDAY
অসমীয়া কবিতা
"বিদায়"
ৰচনা' - জিতু এম. তালুকদাৰ ।।

বিদায় দিয়া মোক আজি
মা-দেউতা, দাদা-ভাইটি
মৰম-চেনেহ সকলো মোহাৰি
হোমক সাক্ষী কৰি
বিদায় দিয়া উছৰ্গা কৰি
এখন ঘৰ এৰি ল'ব লাগিব
আন এখন ঘৰ আপোন কৰি।
ছোৱালী জীৱন ধৰিলে
যাব যে লাগিব আনৰ বোৱাৰী হৈ
এইয়া যে সমাজৰ নিয়ম
নামানি জানো চলিব পাৰিম।।

আম ডালিৰ তলত, ওৰণীৰ আঁৰত
উচুপনিৰ সময়ত তুমি কাষত
শাহু-শহুৰে আদৰি নিয়ে
আয়তীয়ে উৰুলি দিয়ে
ডেকা-বুঢ়া, লগ-সমনীয়া
সকলোৱে কয় কইনাজনী ৰূপহী
নানা ধৰণৰ সম্বন্ধৰে
নবৌ, খুড়ী, মাজনি, বোৱাৰী
আদিৰে মাত লগায়
নতুন জীৱনক আদৰি লওঁ।।

দোকমোকালিতে বাহী গা ধুই
নামঘৰত চাকি-বন্তি জ্বলাই
ঘৰৰ সৱাকে সেৱা শুশ্ৰূষা কৰোঁ
এনেকৈয়ে দিনটোৰ আৰম্ভণি কৰোঁ
কান্ধত বেগটো লৈ অফিচ যোৱা তুমি
বিয়লি তুমি অহালৈ থাকো প্ৰতীক্ষা কৰি
ভাগৰে-জুগৰে আহি পোৱা তুমি
মৰমেৰে কপালত আঁকি দিয়া চুমা এটি
হাতত চাহৰ পিয়লা লৈ
দুয়ো মিলি সপোন চাওঁ ভবিষ্যতক লৈ।।
                   

show more

Share/Embed