Summer Camp 2023 - স্বাক্ষৰ ৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী
Assam Royal Films Assam Royal Films
2.21K subscribers
442 views
52

 Published On Jul 18, 2023

Subscribe for more Exciting Videos

🔵 ইয়াৰদ্বাৰা জনাওঁ যে ৰাণী অঞ্চলৰ শৈক্ষিক-সাংস্কৃতিক তথা প্ৰতিভাসন্ধানী গোট "স্বাক্ষৰ"-ৰ উদ্যোগত আগন্তুক ২২ জুলাই, ২০২৩ ইং তাৰিখ, শনিবাৰে ৰাতিপুৱা ১০ বজাৰপৰা ৰাণী হাইস্কুলৰ প্ৰেক্ষাগৃহত অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰী আৰু খেলুৱৈৰ সম্বৰ্ধনা অনুষ্ঠান তথা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । উক্ত অনুষ্ঠানত ২০২৩ ইং বৰ্ষৰ হাইস্কুল‌ শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰাণী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হ'ব । তদুপৰি যোৱা ৪ জুলাই তাৰিখৰপৰা স্বাক্ষৰৰ উদ্যোগত চলি থকা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সামৰণী অনুষ্ঠানো উক্ত দিনা (২২ জুলাই তাৰিখে) অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে ।

উক্ত অনুষ্ঠানত আপোনালোক আটাইৰে উপস্থিতি তথা অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিছোঁ ।


ধন্যবাদ
Rahul Ahmed

show more

Share/Embed